মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু

মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। চিকিৎসক আৰু ঔষধ নির্মাণকাৰী কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে যোৱা নিশা প্রবীণ ছোনী নামৰ চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে, কালি প্রকাশ পোৱা এখন প্রতিবেদনত ক’লড্রিফ চিৰাপত ৪৮.৬শতাংশ ডাইইথাইলিন গ্লাইকল আছিল বুলি প্ৰকাশ কৰিছে। তামিলনাড়ুৰ শ্ৰীছান ফার্মাচিউটিকেলছ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটো বিশেষ তদন্তকাৰী দলে তদন্ত কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।