মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক সদায় অগ্ৰাধিকাৰ দিয়া হয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক সদায় অগ্ৰাধিকাৰ দিয়া হয় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত কালি কাজাখস্তান, কির্গিজ, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রী মোদীক দেশকেইখনৰ বৈদেশিক মন্ত্ৰীসকলে চতুর্থ সংখ্যক ভাৰত-মধ্য এছিয়া সন্মিলনত হোৱা ইতিবাচক আৰু উৎপাদনশীল আলোচনাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সৈতে দেশকেইখনৰ অধিক অর্থনৈতিক আন্তঃসংযোগ, সম্প্ৰসাৰিত সংযোগ, বৰ্ধিত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা আৰু নতুন ক্ষেত্ৰত সহযোগিতাৰ বাবে তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ভাৰত-মধ্য এছিয়াৰ শক্তিশালী অংশীদাৰিত্বই আঞ্চলিক আৰু বিশ্বব্যাপী প্রত্যাহ্বানসমূহ মোকাবিলা কৰাত শক্তি বর্ধক হিচাপে কাম কৰে। মধ্য এছিয়াৰ বৈদেশিক মন্ত্রীসকলে পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক তীব্র গৰিহণা দিয়ে আৰু ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী যুঁজখনৰ প্ৰতি সমৰ্থন আগবঢ়াই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।