ডাউনলোড
মোবাইল এপ

android apple
signal

May 3, 2025 7:53 PM | Prez

printer

মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতীয় মধ্যস্থতা সংস্থাৰ উদ্বোধন আৰু প্ৰথম ৰাষ্ট্ৰীয় মধ্যস্থতা সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মধ্যস্থতাই অকল বিচাৰাধীন সুকীয়া গোচৰৰ ক্ষেত্ৰতে নহয় বৰং অন্য গোচৰৰ বোজা কম কৰি অন্য গোচৰৰ ক্ষেত্ৰতো ন্যায় প্ৰদান প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মধ্যস্থতা গুৰুত্বপূৰ্ণ আহিলাৰূপে পৰিগণিত হ’ব পাৰে। তেওঁ কয়, যে মধ্যস্থতা আলোচনা, বুজাপৰা আৰু সহযোগিতাৰ প্ৰসাৰত সহায় কৰে ।
সন্মিলনত অংশ লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, যে যোৱা দুটা দশকত মধ্যস্থতাই বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০১৬ চনৰ পৰা চলিত বৰ্ষৰ প্ৰথম ভাগলৈ মধ্যস্থতাৰ মাধ্যমেৰে ৭ লাখ ৫৭ হাজাৰৰো অধিক গোচৰ মীমাংসা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। সন্মিলনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীস বি আৰ গৱাই, আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু এটর্ণি জেনেৰেল আৰ ভেংকটৰমণীও উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক