মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবে আজি পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ সময়ত গড়, হাতী, হৰিণকে ধৰি অন্যান্য বন্যাপ্রাণীসমূহ দেখি অভিভূত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ হাতীক খাদ্য খুৱায়। শ্ৰীযাদবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা কৰি কয়, যে এই ব্যৱস্থাৰ পৰা শিকিবলগীয়া বহু দিশ আছে। তেওঁ লগতে মধ্যপ্ৰদেশৰ বনাঞ্চল আৰু কাজিৰঙাৰ মাজত বন্যপ্রাণী বিনিময় সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলি প্ৰকাশ কৰে।