ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমধুপুৰ ধাম সত্ৰত বুঢ়িৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ২৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ মধুপুৰ সত্ৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ জানুৱাৰীত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে মালা নিৰ্মালী প্ৰদান কৰি বুঢ়াসত্ৰীয়া আৰু ডেকা সত্ৰীয়া পদত অধিস্থিত কৰা হ’ব।