গৃহমন্ত্রী অমিত শ্বাহে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰৰ লোকসকল যথেষ্ট সংস্কৃতিবান আৰু প্ৰতিভাশালী। তেওঁ লগতে আগন্তুক প্ৰতিষ্ঠা দিৱসলৈ ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতি কামনা কৰে। মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ এই ৰাজ্যখন শিল্প সংস্কৃতিৰ ক্ষেত্ৰতো চহকী। গৃহমন্ত্ৰী শ্বাহে ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ কামনা কৰে।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যকেইখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে ৰাজ্যকেইখন চহকী সাংস্কৃতিক ঐতিহ্য, প্রাণৱন্ত পৰম্পৰা আৰু মনোমোহা প্রাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। তেওঁ কয়, যে ৰাজ্য কেইখনৰ উদ্যমী আৰু প্ৰতিভাবান জনসাধাৰণে দেশৰ প্ৰগতিৰ অভূতপূৰ্ব বৰঙণি আগবঢ়ায় আহিছে। তেওঁ লগতে ৰাজ্যকেইখনৰ জনসাধাৰণৰ বাবে শান্তি আৰু সমৃদ্ধিৰে ভৰা ভৱিষ্যত কামনা কৰে ।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে তেওঁৰ বাৰ্তাত কয়, যে ৰাজ্য কেইখনে তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্য, অনন্য পৰম্পৰা আৰু ভাষিক বিচিত্ৰতাৰে দেশৰ এনাজৰী সুদৃঢ় কৰিছে। শ্ৰী ৰাধাকৃষ্ণণে লগতে এই প্ৰাণৱন্ত ৰাজ্যকেইখনে সর্বাত্মক বিকাশ, সাংস্কৃতিক সমৃদ্ধি আৰু বহনক্ষম উন্নয়নেৰে আগলৈও দেশৰ প্ৰগতিত অৱদান আগবঢ়াই যাব বুলি আশা কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে মেঘালয়ৰ জনসাধাৰণে দেশৰ উন্নয়নত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। ৰাজ্যখনৰ প্ৰাণৱন্ত সংস্কৃতি আৰু মনোমোহা প্রাকৃতিক সৌন্দর্যই সকলোকে আকর্ষণ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যখনে ভৱিষ্যতেও উন্নয়নৰ নতুন শিখৰত উপনীত হ’বলৈ সমৰ্থ হ’ব বুলি আশা প্রকাশ কৰে। অন্য এটা বাৰ্তাযোগে ত্ৰিপুৰাৰ জনসাধাৰণক ওলগ জনাই প্রধানমন্ত্রীয়ে কয়, যে ৰাজ্যখনৰ যাত্ৰা পৰম্পৰা আৰু আধুনিকতাৰ অপূৰ্ব সমাহাৰেৰে ভৰা। তেওঁ কয়, যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত ৰূপান্তৰ প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ জনসাধাৰণে দেশৰ বিকাশ যাত্ৰাত নতুন গতি প্ৰদান কৰিছে। তেওঁ লগতে অনাগত সময়ৰ ৰাজ্যখন সমৃদ্ধিৰ নতুন শিখৰত উপনীত হ’বলৈ সমৰ্থ হ’ব বুলি আশা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সুকীয়া ৰাজ্য গঠন দিৱস উপলক্ষে মণিপুৰৰ জনসাধাৰণক ওলগ জনাই কয়, যে ৰাজ্যখনৰ জনসাধাৰণে দেশৰ প্ৰগতিত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। তেওঁ কয়, যে ক্রীড়া, সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ৰাজ্যখনৰ আগ্ৰহ লেখত ল’বলগীয়া শ্ৰী মোদীয়ে লগতে আগলৈও ৰাজ্যখন উন্নয়নৰ যাত্ৰাত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে ।