মণিপুৰ, মিজোৰাম, ওড়িশা, বিহাৰ আৰু কেৰালাত নতুন ৰাজ্যপাল নিযুক্তি

মণিপুৰ, মিজোৰাম, ওড়িশা, বিহাৰ আৰু কেৰালাত নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। কালি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা অধিসূচনা কৰা অনুসৰি অজয় কুমাৰ ভাল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু প্ৰাক্তন স্থলাসেনাধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। মিজোৰামৰ বৰ্তমানৰ ৰাজ্যপাল ড° হৰিবাবু কান্তমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অসম-মেঘালয় কেডাৰৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অজয় কুমাৰ ভাল্লাই আৰু অসম চৰকাৰৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি ৰাজ্যৰ গৃহ সচিব হিচাপেও দায়িত্ব নিৰ্বাহ কৰিছিল। ইয়াৰ পাছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্বন লাভ কৰে আৰু এই বছৰ আগষ্টত তেওঁ কেন্দ্ৰীয় গৃহ সচিবৰূপে অৱসৰ গ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।