মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ নাট ৰচনা আৰু মঞ্চস্থ কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৮৯ চনলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক হিচাপে আৰু ২০১৩ চনৰ পৰা ২০১৭ চনলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা নাট্যকাৰগৰাকীক ১৯৮৭ চনতে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। ১৯৮৯ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত থিয়ামক ২০১২ চনত সংগীত নাটক একাডেমীৰ ফেল’শ্বিপেৰে সন্মানিত কৰা হৈছিল। ১৯৮৭ চনত তেওঁৰ ‘চক্রব্যুহ’ নামৰ নাটকখনৰ বাবে এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ফ্ৰিঞ্জফষ্টি বঁটাৰে সন্মানিত কৰা হৈছিল। মণিপুৰ চৰকাৰেও তেওঁক জীৱজোৰা কৃতিত্ব সন্মানেৰে সন্মানিত কৰিছিল। চিত্রশিল্পী, নাটৰ মঞ্চসজ্জা, সংগীতকে ধৰি বিভিন্ন দিশত অভিজ্ঞতাপুষ্ট আৰু কুশলী শিল্পীগৰাকী সাম্প্ৰতিক সময়ৰ নাট্যক্ষেত্ৰৰ এগৰাকী অন্যতম গুৰু হিচাপে পৰিগণিত হৈছিল।
Site Admin | July 23, 2025 12:20 PM | Ratan Thiyam
মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান