ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 26, 2025 11:11 AM | Manipur

printer

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ চাৰিদিন পাছতে অর্থাৎ ১৩ ফেব্ৰুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে। সংবিধানৰ নীতি অনুসৰি ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত ছমাহৰ বাবে বলৱৎ কৰা হয় আৰু সংসদৰ অনুমোদনক্রমে ছমাহৰ ব্যৱধানত ৩ বছৰলৈ এই ম্যাদ বৃদ্ধি কৰিব পাৰি।