মণিপুৰৰ বিষ্ণুপুৰ জিলাত কালি সন্ধিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অৰ্ধসামৰিক বাহিনীৰ এখন বাহনত আক্ৰমণ কৰাৰ ফলত এজন নায়িব ছুবেদাৰকে ধৰি অসম ৰাইফলছৰ দুজন জোৱানৰ নিহত হোৱাৰ লগতে কমেও ৫ জন জোৱান আহত হয়। ইম্ফলৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে বিষ্ণুপুৰ জিলাৰ নাম্বল চাবাল লেইকাই অঞ্চলৰ ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত এই আক্রমণ সংঘটিত হয়। 33 আছাম ৰাইফলছৰ বাহিনীটো পাটছৈ কোম্পানী অপাৰেটিং শিবিৰৰ পৰা নাম্বল কোম্পানী অপাৰেটিং শিবিৰ অভিমুখে গৈ থকাৰ সময়তে অচিনাক্ত দুর্বৃত্তই আক্রমণ চলায় বুলি প্ৰতিৰক্ষা মুখপাত্ৰই প্ৰকাশ কৰিছে। তেওঁ কয়, যে আহত জোৱানকেইজনক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্রতিষ্ঠান, ৰিমছত ভৰ্তি কৰোৱা হয়। বৰ্তমানলৈকে কোনো উগ্রপন্থী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি মুখপাত্ৰগৰাকীয়ে জনাইছে। আছাম ৰাইফলছৰ সঞ্চালক প্রধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰাই মৃত জোৱান দুজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আক্ৰমণত জড়িত সকলৰ সন্ধানত অঞ্চলটোত অভিযান অব্যাহত আছে। ইপিনে সুৰক্ষা বাহিনীয়ে যোৱা ২৪ ঘণ্টাত ইম্ফলৰ তিনিখন জিলাৰ পৰা কেইবাটাও নিষিদ্ধ ঘোষিত উগ্ৰপন্থী গোটৰ ছজন সদস্যক আটক কৰিছে।
Site Admin | September 20, 2025 12:52 PM | Assam Rifles Death | ও
মণিপুৰত সশস্ত্ৰ দুৰ্বৃত্তৰ দলৰ আক্ৰমণত দুজন জোৱান নিহত
