ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে নতুন দিল্লীত ত্রিপাক্ষিক বৈঠক

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে মণিপুৰৰ মেইতেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ লগতে নাগৰিক সমাজৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিশেষ মধ্যস্থতাকাৰী হিচাপে চোৰাংচোৱা সংস্থাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক এ কে মিশ্রই বৈঠকত অংশ লয়। এই বৈঠকত ৰাজ্যখনলৈ শান্তি ওভতাই অনাৰ বাবে গ্ৰহণ কৰিবলগীয়া পন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সহযোগিতা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে লোকসভাত মণিপুৰক লৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই দিনাই গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত শান্তি স্থাপনৰ বাবে মণিপুৰৰ বিভিন্ন সংগঠনৰ সৈতে চৰকাৰে যোগাযোগ ৰক্ষা কৰা বুলি প্ৰকাশ কৰিছিল। এই অনুসৰি নতুন দিল্লীত কালি কেন্দ্ৰীয় চৰকাৰৰ সৈতে মণিপুৰৰ সংগঠনসমূহৰ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ত ৰাজ্যখনত মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল। ইয়াৰ ফলত ৰাজ্যখনত বহুলোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাহাজাৰো লোক গৃহহাৰা হৈ শৰণাৰ্থীৰ শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছিল। যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল৷ যোৱা ১৯ মাৰ্চৰ পৰা নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে ৰাজ্যখনত চলোৱা তালাচীত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উৎখাত কৰা হৈছিল। কালি অনুষ্ঠিত এই বৈঠকৰ পাছত ৰাজ্যখনত শান্তিৰ পথ প্রশস্ত হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক