ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 8:23 PM | PM in Manipur

printer

মণিপুৰত যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাইছে। এদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী আজি মণিপুৰ ভ্ৰমণ কৰে। সাত হেজাৰ ৩০০ কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ ১৪ টা ভিন ভিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত চুৰাচান্দপুৰ জিলাৰ পিচগ্ৰাউণ্ডত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। শ্রী মোদীয়ে কয়, যে মণিপুৰ হৈছে আশা আৰু বিকাশৰ ভূমি, কিন্তু জাতীয় হিংসাৰ কৱলত পৰি ৰাজ্যখন জুৰুলা হৈছে। তেওঁ কয়, যে শান্তি অবিহনে অঞ্চলটোৰ বিকাশ সম্ভৱ নহয়। সেয়ে মণিপুৰৰ বিকাশৰ বাবে সাম্প্রদায়িক ঘৃণা, সংঘাট আৰু দুৰ্ভাৱনা সমাপ্ত কৰিব লাগিব। শ্রী মোদীয়ে মণিপুৰৰ ৰাইজক হিংসা এৰি যুৱ প্ৰজন্মৰ কল্যাণ তথা ৰাজ্যখনৰ বিকাশৰ বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয়, যে তেওঁ চুৰাচান্দপুৰ জিলাৰ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। তেওঁলোকৰ মুখত আশা আৰু বিশ্বাসৰ ৰেশ প্রত্যক্ষ কৰা বুলিও প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণে বৰ্তমান শান্তিৰ পথ বাচনি কৰিছে আৰু ভাৰত চৰকাৰে আগভাগ লৈ আয়োজন কৰা বিভিন্ন আলোচনা আৰু বৈঠকত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্রীয়ে মণিপুৰৰ ৰাইজৰ কাষত কেন্দ্ৰীয় চৰকাৰ সকলো সময়তে থিয় দি থকাৰ লগতে ৰাজ্যখনলৈ সোনকালে শান্তি ঘূৰি আহিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোকসকলৰ বাবে সাত হেজাৰ্টা নতুন গৃহ নিৰ্মাণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পুঁজিৰ অনুমোদন জনাইছে বুলি প্রধানমন্ত্রী মোদীয়ে জনায়। শেহতীয়াকৈ ইয়াৰ বাবে তিনি হেজাৰ কোটি টকাৰ বিশেষ পেকেজৰ বাজেট দিয়া হৈছে। শ্ৰী মোদীয়ে মণিপুৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰে। তেওঁ কয়, যে সীমামুৰীয়া ৰাজ্য হোৱা বাবে মণিপুৰত পথ যোগাযোগৰ ক্ষেত্ৰত সমস্যা হোৱা দেখা যায়। সেয়ে ২০১৪ চনৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত পথ যোগাযোগ উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি মণিপুৰৰ বাবে ৰে’ল আৰু পথৰ বাবে বাজেট বৃদ্ধি কৰিছে। নতুন ঘাইপথৰ বিকাশৰ বাবে ৮ হাজাৰ ৬০০ কোটি টকা ব্যয়ৰে কামকাজ অব্যাহত ৰখা হৈছে। ইপিনে, ইম্ফল বিমান বন্দৰৰ বিকাশৰ বাবে চাৰি হাজাৰ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু লগতে হেলিকপ্তাৰ সেৱাও আৰম্ভ কৰা হৈছে। তেওঁ কয়, যে এক লাখতকৈও অধিক পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে এন ডি এ চৰকাৰৰ দিনত নলেৰে খোৱাপানী লাভ কৰা পৰিয়ালৰ সংখ্যা ৩০ হাজাৰৰ পৰা তিনি লাখ ৫০ হাজাৰলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৫০০ খন জনজাতীয় গাঁৱত উন্নয়নমূলক কামকাজ চলি থকাৰ লগতে ১৮ খন একলব্য আদর্শ আবাসীক বিদ্যালয় নিৰ্মাণৰ কাম অব্যাহত আছে। প্রধানমন্ত্রীয়ে লগতে মণিপুৰ চৰকাৰক ৰাজ্যখনত বিকাশ আৰু শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সকলো ধৰণৰ সহায়-সমৰ্থন আগবঢ়াব বুলিও নিশ্চিতি দিয়ে। প্রধানমন্ত্ৰীয়ে চুৰাচান্দপুৰ জিলাৰ পৰা ইম্ফললৈ যায় আৰু তাতো কেইবাটাও প্রকল্প উদ্বোধন কৰে। তেওঁ কাংলা দূৰ্গৰ পৰা জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়াৰ লগতে গৃহহাৰা লোকসকলৰ সৈতে মত বিনিময় কৰে।