মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত অপ্রীতিকৰ পৰিস্থিতি অব্যাহত

● মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি অব্যাহত আছে। ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত প্ৰতিবাদকাৰীসকলে ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ক্ষমা খোজাৰ দাবী জনাই আহিছে। কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্ট্ৰিগ্লেটি চমুকৈ ক’ক’মীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত কেন্দ্ৰীয় চৰকাৰে আজি প্ৰতিবাদী সংগঠনটোৰ সৈতে আলোচনাত মিলিত হ’ব। গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিৰ সৈতে নতুন দিল্লীত আজি আলোচনাত মিলিত হোৱাৰ বাবে কালি সংগঠনটোৰ ৭ জনীয়া এটা দল দিল্লীলৈ ৰাওনা হয়। আজি এই দলটোৱে গৃহমন্ত্ৰ্যালয়ৰ বিষয়ববীয়াসকলৰ সৈতে মণিপুৰৰ সংঘাত সন্দৰ্ভত আলোচনাত মিলিত হ’ব।