ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 12:36 PM | Militant Arrest

printer

মণিপুুৰত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ ৮ সদস্যক আটক, অস্ত্র-শস্ত্র জব্দ

মণিপুৰত সেনা, অসম ৰাইফল্‌ছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলাই ৮ জন নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ সদস্যকে ধৰি ভালেসংখ্যক অস্ত্র-শস্ত্র জব্দ কৰিছে। প্ৰতিৰক্ষা মুখপাত্র লেফটেণেণ্ট কর্নেল অমিত শুক্লাই প্ৰকাশ কৰা মতে সুৰক্ষা বাহিনীয়ে বিগত কেইদিনমানত ৰাজ্যখনৰ জিৰিবাম ফেজৱল, বিষ্ণুপুৰ, থৌবাল, পূব আৰু পশ্চিম ইম্ফল জিলাত যুটীয়া অভিযান চলায়। আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পাৰ্টী আৰু ৰিভ’লিউচনেৰী পিপল্‌ছ ফ্ৰণ্ট-পিপল্‌ছ লিবাৰেচন আৰ্মীৰ সদস্য বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে সুৰক্ষা বাহিনীৰ এই যুটীয়া প্ৰচেষ্টাই মণিপুৰত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতাকে প্রতিফলিত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।