ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী, ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষ সমূহে অহা ২৭ আগষ্টৰ ভিতৰত দাখিল কৰিব পাৰিব

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিযুক্ত ডেজিগনেটেড কর্তৃপক্ষ তথা ডিব্ৰুগড়ৰ জিলা আয়ুক্তই নিৰ্ধাৰিত সময়সচী অনুসৰি স্বায়ত্তশাসিত পৰিষদত অন্তর্ভুক্ত হ’বলগীয়া গাঁৱৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিছে। সেই অনুসৰি লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ সোণাৰি ৰাজহ গাঁও, চিচাপথাৰ ৰাজহ গাঁও, ঢকুৱাখনা ৰাজহ চক্ৰৰ বাঁহপাৰা চাপৰি ৰাজহ গাঁও আৰু বাঁহপাৰা চুম্পাৰা কচুগাঁও প্ৰথমখন খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকাশিত জাননী অনুসৰি এই সম্পৰ্কত কিবা দাবী, ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষ সমূহে অহা ২৭ আগষ্টৰ ভিতৰত দাখিল কৰিব পাৰিব। আনহাতে, ওজৰ-আপত্তি নিষ্পত্তিকৰণৰ অন্তত অহা ৩১ আগষ্টত গাঁৱৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।