মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত থাকে।

অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা উচ্ছেদ অভিযান অব্যাহত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।