মঙলদৈ জিলা পুথিভঁৰালত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ  সজাগতা অনুষ্ঠান

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত নৱ দৃষ্টি নামৰ নেত্ৰদান প্রকল্প এটা শুভাৰম্ভ কৰা হ’ব। তদুপৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নতুন ইউটিউব চেনেল আৰু শীৰ্ষ গীত মুকলি কৰা হ’ব। আনহাতে এই অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত শ্ৰৱণ যন্ত্ৰ, আয়ুষ্মান ভাৰত স্বাস্থ্য কার্ড আদিও বিতৰণ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।