January 5, 2025 8:00 PM | mangaldai

printer

মঙলদৈত ইনফিনিটি থ্ৰি পইণ্ট জীৰ শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত

ৰাজ্যৰ অপেচাদাৰী যুৱ আলোকচিত্র শিল্পীসকলক তেওঁলোকৰ সৃষ্টিশীল প্রতিভা বিকশিত হোৱাত সুযোগ প্ৰদানৰ লক্ষ্যৰে দৰং জিলা ফটোগ্রাফিক চ’ছাইটিৰ উদ্যোগত মঙলদৈ সনাতন ধর্ম সভা প্ৰাংগণত কালি বিয়লিৰ পৰা ইনফিনিটি থ্ৰি পইণ্ট জীৰ’ শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত হয়। এই দুদিনীয়া প্ৰদৰ্শনীত অসমৰ লগতে কলকাতা, লণ্ডন, ডুবাই আদি বিশ্বৰ বিভিন্ন স্থানৰ ৭০ গৰাকী আলোকচিত্ৰ শিল্পীৰ মুঠ ১২৪ খন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। আলোকচিত্র সমূহে লেণ্ডস্কেপ, বন্যপ্ৰাণী, এষ্ট, ষ্ট্রীট, এৰিয়েল, ক্রীড়া, বিবাহ, ফেশ্বন আদি আলোকচিত্র শিল্পৰ নানান দিশ সামৰি লয়। প্রবীণ চিত্রশিল্পী বৰুণ বৰুৱাই উদ্বোধন কৰা এই আলোকচিত্ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত যোৱা বছৰত মৃত্যু হোৱা আলোকচিত্র শিল্পী চন্দ্ৰশেখৰ ৰয় আৰু ভাস্কৰ চক্ৰৱৰ্তীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।