চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে বাছখনত কেইবাগৰাকীও মহিলা তথা শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় নাগৰিককে ধৰি দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু-আৰোগ্য কামনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰেও ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড° জয়শংকৰে কয়, যে ৰিয়াধৰ দূতাবাস তথা জেড্ডাহৰ বাণিজ্যিক দূতাবাসে দুর্ঘটনাগ্রস্ত লোকসকলৰ পৰিয়াল তথা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি সম্ভাৱ্য সকলো সহায় আগবঢ়াইছে। দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰো আশু আৰোগ্য কামনা কৰে। জেড্ডাহত থকা ভাৰতৰ বাণিজ্যিক ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে কেইটামান হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ২৪ ঘণ্টাই মুকলি থকা এটা নিয়ন্ত্রণ কক্ষও স্থাপন কৰা বুলি দূতাবাসে প্ৰকাশ কৰিছে। হেল্পলাইন নম্বৰকেইটা হৈছে – 800-244-0003/0122-6140-93/012-66-142-76 055-6122-301
Site Admin | November 17, 2025 5:14 PM | Akashvani | Akashvani News | Haj Jatri
মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা