ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ’ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ জৰীপ কৰাৰ পাছত আজিৰ এই খচৰা প্ৰকাশ কৰা হৈছে।

কাছাৰ জিলাতো ৭টা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। জিলা দণ্ডাধীশ তথা জিলা নির্বাচনী বিষয়া মৃদুল যাদৱৰ সভাপতিত্বত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।

চিৰাঙৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত যতীন বৰাই আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত জিলাখনৰ ১৯ নম্বৰ জনজাতি সংৰক্ষিত ছিডলী-চিৰাং আৰু ২০ নম্বৰ বিজনী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে অহা ২২ জানুৱাৰীলৈকে বিভিন্ন সজাগতাৰ জৰিয়তে ভোটাৰসকলৰ নাম শুধৰণিকে ধৰি আন আন ওজৰ-আপত্তি গ্রহণ আদি সেৱা উপলভ্য হ’ব।