বিজেপিয়ে আজি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ মুখপাত্র সন্দীপ পাত্রই কয়, যে সংসদত নির্বাচনী সংস্কাৰৰ বিষয়ে ইতিমধ্যে ব্যাপক আলোচনা হৈছে। তেওঁ কয়, যে এই আলোচনা কালত গৃহমন্ত্রী অমিত শ্বাহে বিৰোধীৰ আটাইবোৰ প্ৰশ্নৰে উত্তৰ দিছে। ভাৰতীয় গণতন্ত্ৰৰ শক্তি সকলোৱে ভালদৰে বুজি পায় বুলি উল্লেখ কৰি শ্ৰী পাত্রই কয়, যে কংগ্রেছে সাংবিধানিক অনুষ্ঠানক অসম্মান কৰা বুলি দাবী কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছ দলে আজি দিল্লীৰ ৰামলীলা মৈদানত নির্বাচন বিষয়ক এখন সভাৰ আয়োজন কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে আৰু ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
Site Admin | December 14, 2025 9:10 PM | BJP Party | Sambit Patra
ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি বিজেপিৰ অভিযোগ