দেশৰ ছখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগে সংশোধিত সূচী প্রকাশ কৰিছে। এই তালিকাত তামিলনাড়ু, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ প্ৰদেশক সামৰি লোৱা হৈছে। তামিলনাড়ু আৰু গুজৰাটত এই প্রক্রিয়া অহা ১৪ ডিচেম্বৰত সামৰণি পৰিব। একেদৰে মধ্যপ্রদেশ, চত্তিশগড় তথা আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা ১৮ ডিচেম্বৰলৈ এই প্রক্রিয়া সমাপ্তিৰ দিন বৃদ্ধি কৰা হৈছে। উত্তৰ প্ৰদেশত অহা ২৬ ডিচেম্বৰ পৰ্যন্ত ইয়াৰ অন্তিম দিন বৃদ্ধি কৰা হৈছে।সেইদৰে খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সংশোধন কৰা হৈছে। তামিলনাড়ু আৰু গুজৰাটত অহা ১৯ ডিচেম্বৰত চত্তিশগড়, মধ্যপ্রদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা ২৩ ডিচেম্বৰত এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। উত্তৰ প্ৰদেশত এই মাহৰ ৩১ তাৰিখে খচৰা ভোটাৰ তালিকাপ্ৰকাশ কৰা হ’ব
Site Admin | December 11, 2025 8:18 PM | sir
ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগৰ সংশোধিত সূচী প্রকাশ