ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল’বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৯-৭ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৫০ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পৰ্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব।
Site Admin | December 9, 2025 8:08 PM | sir
ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ