ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ আৰম্ভ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কামকাজ বিঘ্নিত নকৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাত নিম্ন সদন দুই বজালৈ স্থগিত ৰখা হয়। ২ বজাৰ পাছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাত বিৰোধী সদস্যসকলে অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সদনৰ মজিয়ালৈ গৈ শ্লোগান দিয়ে। সেই সময়ত সদন পৰিচালনা কৰা সদস্যগৰাকীয়ে বিৰোধী দলৰ সাংসদসকলক সংযত হ’বলৈ বাৰম্বাৰ আহ্বান জনায় যদিও পৰিস্থিতি সলনি নোহোৱাত সদন দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।
একেদৰে ৰাজ্যসভাতো বিৰোধী পক্ষৰ সাংসদসকলে একেটা বিষয়ক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন বিয়লি দুই বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত ৰাজ্যসভাৰ কামকাজ আৰম্ভ হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে জর্জিয়াৰ সংসদীয় প্রতিনিধি দলটোক ভাৰতলৈ আদৰণি জনায়। তেওঁলোকৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পাছত সদনৰ শূন্য কালত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।
সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আলোচনাৰ জৰিয়তে সহমতত উপনীত হৈ সংসদৰ কামকাজ সূচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। তেনে পৰিস্থিতিত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ বিষয়টোক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি ইয়াক লৈ জৰুজীভাৱে আলোচনা কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। ইয়াৰ মাজতে বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত উচ্চ সদন দুই বজালৈ স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰা হয় ৷