ডাউনলোড
মোবাইল এপ

android apple
signal

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে যি স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে সেই ঠাইৰ পৰা উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন কৰা হ’ব। নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসম যাতে শেষ হৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাই থকা বুলিও মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ অন্যান্য স্থানৰ লগতে মাৰ্ঘেৰিটাতো উচ্ছেদ অভিযান চলোৱাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰিছে। আনহাতে তিৰাপ ট্ৰাইবেল বেল্ট আৰু ব্লকক কেন্দ্ৰ কৰি শেহতীয়াকৈ অব্যাহত থকা চৰ্চা সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, মাৰ্ঘেৰিটা সমষ্টিত মৰাণ, মটক, গোর্খা, কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোক বহু দিনৰ পৰা আছে। এই লোকসকলক ভূমিৰ অধিকাৰ নিদিলে অঞ্চলটোত এদিন বিক্ষোভৰ অগনি জ্বলিব বুলিও তেওঁ কয়। জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষিত হৈ থকাৰ লগতে ভৱিষ্যতেও সুৰক্ষিত হৈ থাকিব বুলি উল্লেখ কৰি তেওঁলোকৰ ভূমিত কোনো অসুবিধা নহয় বুলি মুখ্যমন্ত্রী স্পষ্ট কৰি দিছে। জনজাতি আৰু অসমৰ খিলঞ্জীয়া জাতিসত্বা এক হৈ থাকিব পাৰিলেহে অসমখন বচাব পৰা যাব বুলি তেওঁ উল্লেখ কৰিছে। ইপিনে মুখ্যমন্ত্ৰীয়ে অহা ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ উপৰি সুলভ মূল্যত দাইল, চেনি আৰু নিমখ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে।