ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 16, 2024 11:20 AM

printer

ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্রসাশনৰ মুকাভিনয় ভিডিঅ’ মুকলি

অসমৰ মৰিগাঁও জিলাত ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্রসাশনে আকর্ষণীয় মুকাভিনয় ভিডিঅ’ মুকলি কৰিছে। এই ভিডিঅ’ৰ জৰিয়তে বিশিষ্ট মুকাভিনয় শিল্পী তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকে মৌনতাৰ ভাষাৰে ভোটদানৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইপিনে জিলাখনৰ ৬টা আদৰ্শ ভোটগ্রহণ কেন্দ্ৰত চুনাৱ কা পৰ্ব উদযাপন কৰা হৈছে। জিলাখনত অমূল্য ককাইদেউৰ নিৰ্বাচনী বিধান আৰু নিৰ্বাচনী বিহু নামেৰে এলানি ফে’চবুক চিৰিজো মুকলি কৰি হৈছে।