বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি ঔৰংগবাদ জিলাৰ ডিঅ’ত উপস্থিত হয়। তেওঁ বিশ্ববিখ্যাত ডিঅ’ সূৰ্য মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। উল্লেখযোগ্য যে বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যখনত চলি থকা ভোটদাতা তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ বিৰোধিতাৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে। ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ১৬ দিনীয়া এই যাত্রা ২০ খনতকৈও অধিক জিলাৰ মাজেৰে অগ্ৰসৰ হৈ অহা পহিলা ছেপ্তেম্বৰত পাৰ্টনাত অন্ত পৰিব। এই যাত্ৰাকালত আজি পুৱাৰ ভাগত ৰাহুল গান্ধীয়ে অম্বা, কুটুম্বা, পাতলগংগা আৰু ঔৰংগাবাদৰ আন আন স্থানসমূহ ভ্ৰমণ কৰে। এই কাৰ্যসূচীত বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী প্ৰসাদ যাদৱ, ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি ৰাজেশ ৰাম আৰু বিকাশশীল ইনচান পাৰ্টীৰ মুৰববী মুকেশ চাহানী উপস্থিত আছিল। শ্ৰী গান্ধীয়ে আজি গুৰাৰু, বাগদিহা, ডাউনগৰ, পাঞ্চনপুৰ হৈ গয়াত উপস্থিত হ’ব। নেতাগৰাকীয়ে সন্ধিয়াৰ ভাগলৈ গয়াৰ খালিছ পাৰ্কত এখন জনসভাত অংশ ল’ব।
Site Admin | August 18, 2025 7:36 PM | Akashvani | Akashvani News | Rahul Gandhi
ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে বিহাৰৰ ঔৰংগবাদৰ ডিঅ’ত উপস্থিত ৰাহুল গান্ধী
