বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰত বানৰগাঁও আৰু দতমা সমষ্টিৰ পৰিষদীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলাই জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নীতি আৰু কাৰ্যসূচীৰ প্ৰতি নিৰন্তৰ বিশ্বাস আৰু আস্থা ৰখাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
চিৰাং জিলাত চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৌমথোৰ ব্ৰহ্মৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্রীয়ে বড়ো চুক্তি কার্যকৰী কৰাৰ লগতে বি টি আৰত শান্তি স্থাপনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি মন্তব্য কৰে। নিৰ্বাচনী হিংসা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ তেওঁ সকলো ৰাজনৈতিক দলক সংযম সহকাৰে নিৰ্বাচনৰ সময়ছোৱাত কামকাজ কৰিবলৈ আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত আয়োজিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। জনসভাত দিয়া ভাষণত তেওঁ কয়, যে বি টি আৰৰ জনসাধাৰণৰ উৎসাহে অঞ্চলটোৰ শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিকে প্ৰতিফলিত কৰিছে। মন্ত্ৰী অতুল বৰাই আজি মাসনগুৰি পৰিষদীয় সমষ্টিৰ বাক্সাৰ খাৰিজা বিজনী মৌজাৰ ওদাৰগুৰিত অগপ প্রার্থী মনমোহন দাসৰ সমৰ্থনত প্ৰচাৰ চলায়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু দলীয় কর্মী উপস্থিত তাকে।
বিৰোধী দল কংগ্ৰেছ, বিপিএফ, ৰাইজৰ দল আৰু অন্যান্য দলসমূহেও আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়।
Site Admin | September 15, 2025 8:03 PM | btc election update
ভোটগ্ৰহণৰ মাজত ৬টা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধীৰ বিটিআৰত ব্যাপক প্ৰচাৰ