■ অসম অলিম্পিক সন্থাই কালি এছিয়ান গেমছত ৰাজ্যৰ প্ৰথম স্বর্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰে। ১৯৬৬ চনৰ এছিয়ান গেম্ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ উত্তৰাধিকাৰক সন্মান জনাই কালি গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা এটা অনুষ্ঠানত সৰুসজাই ক্রীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়৷
অসমৰ ক্ৰীড়াজগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ ক্রীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই অলিম্পিক সন্থাই প্ৰৱৰ্তন কৰা ভোগেশ্বৰ বৰুৱা ক্রীড়াবঁটাসমূহ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালিৰ অনুষ্ঠানত প্ৰদান কৰে। প্ৰতি বছৰে ৬টা শিতানত এই বঁটা প্ৰদান কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। শ্ৰেষ্ঠ ক্রীড়াবিদ, উদীয়মান খেলুৱৈ, জীৱনজোৰা সাধনাৰ বাবে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ’ব।
প্ৰথমবাৰৰ বাবে এই বঁটা কালি বিভিন্ন শিতানৰ কেইবাগৰাকীও খেলুৱৈক প্ৰদান কৰা হয়। অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ক্রীড়াবিদ বঁটা প্ৰদান কৰা হয়। ফুটবল খেলুৱৈ সুনীল চেত্ৰীক জীৱনজোৰা সাধনাৰ বঁটা প্ৰদানৰ লগতে বেব্ৰত ভৰালীক উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ত লাভলীনা বৰগোহাঁইক শ্রেষ্ঠ ক্রীড়াবিদ, দীপাংকৰ ভট্টাচাৰ্যক জীৱনজোৰা সাধনা বঁটা আৰু সাঁতোৰবিদ প্ৰিয়ানুজ ভট্টাচার্যক উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্রীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্ৰেমধৰ শৰ্মা, স্বাধীন ডেকাৰজা, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, জুৱেল বে’, জয়দীপ দাস, প্রদীপ ব্ৰহ্ম, জিণ্টী বুঢ়াগোহাঁই, চৈয়দ এছ কে আলম, প্রয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্ৰদান কৰা হয়।
এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটাসমূহ এই অনুষ্ঠানত প্ৰদান কৰাৰ উপৰি ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়। খেল’ ইণ্ডিয়া, ২০২৫ বৰ্ষৰ পদক বিজয়ীসকলক আর্থিক পুৰস্কাৰ, ৰাজ্যিক সেৱা আঁচনিৰ বঁটা আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও এই অনুষ্ঠানতে প্ৰদান কৰা হয়। অনুষ্ঠানত ১৭ বছৰ অনুৰ্ধ ছোৱালীৰ সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থ উন্মোচন কৰা হয়।
ৰাজ্যৰ ক্ৰীড়া জগতৰ উৎসাহমূলক পৰিৱৰ্তনৰ বাবে জীৱনজুৰি সাধনা কৰা ক্ৰীড়াবিদগৰাকীৰ জন্মদিনটো ৰাজ্যৰ বিভিন্ন ঠাইত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।