ডাউনলোড
মোবাইল এপ

android apple
signal

January 13, 2025 10:59 AM | Uruka

printer

ভোগালী বিহুৰ উৰুকা উপলক্ষে সমগ্ৰ ৰাজ্যতে উছাহ

আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰাগতভাৱে চলি অহা মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি সন্ধিয়া সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্ৰাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্ৰস্তুতি পুৱাৰে পৰা আৰম্ভ হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও ক্ৰংকিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুকেইখন সমূহীয়া বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিবলৈ ওলাইছে৷ মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হৈছে আৰু গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ উজান বজাৰত আজি প্রায় ৭০ টন মাছ বিক্রী হ’ব বুলি আশা কৰা হৈছে। এই মুহূৰ্তত আমাৰ সহযোগী মনজিৎ‍ গগৈ উপস্থিত আছে উজান বজাৰত । খন্তেক সময় আগতে তেওঁ এই প্রতিবেদন পঠিয়াইছে।
ৰাজ্যৰ উজনি-নামনি সকলোৰে বজাৰসমূহত আজি অভিলেখ পৰিমাণৰ মাছ বিক্ৰী হ’ব বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে। মাঘ বিহুত ৰাজ্যখনৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা পৰম্পৰাগত ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই বাৰ অনুষ্ঠিত নহয়।আজি উৰুকাৰ দিনা ৰাজ্যখনৰ বতৰ ঘাইকৈ ফৰকাল থাকিব আৰু শেষ নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰিব বুলি বৰঝাৰৰ বতৰ বিজ্ঞান প্রতিষ্ঠানে আগলি বতৰা দিছে। উত্তৰ লখিমপুৰত আজি সর্বনিম্ন তাপমাত্র ৬ ডিগ্রী ছেলছিয়াৰ আশে-পাশে থাকিব। গুৱাহাটীত সর্বনিম্ন তাপমাত্র ১১ ডিগ্রী, ডিব্ৰুগড়ত সর্বনিম্ন তাপমাত্র ১০ ডিগ্রী আৰু যোৰহাটত সর্বনিম্ন তাপমাত্র ৯ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। যোৱা ২৪ ঘণ্টাত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪ দশমিক ২ ডিগ্ৰী ছেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্র আছিল ১১ দশমিক ২ ডিগ্ৰী ছেলচিয়াছ।
উৰুকাৰ নিশা যাতে ৰাজ্যখনত সুৰাপায়ী চালকৰ দ্বাৰা কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিবহন বিভাগে আজি আবেলিৰ পৰা বিভিন্ন স্থানত তালাচীৰ ব্যৱস্থা কৰিছে। পৰিবহন বিভাগৰ বিশেষ কর্তব্যত বিষয়া গৌতম দাসে প্ৰকাশ কৰা অনুসৰি কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ত কালি অনুষ্ঠিত এখন বৈঠকত ভোগালী বিহুৰ দিনকেইটাত পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ল’বলগীয়া বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কত আলোচনা কৰা হয়। অনুৰূপ ধৰণে আন জিলাতো এনে পর্যালোচনা বৈঠক অনুষ্ঠিত হয় বুলি আমাৰ সংবাদাতাসকলে জনাইছে।

অধিক পঢ়ক

সকলো চাওক