ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন অংশত ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । গ্ৰামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে।
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰা এই ভোগালী মেলাত চিডলী-চিৰাং আৰু বড়ো বজাৰ খণ্ড উন্নয়ন এলেকাৰ ৩১টা আত্মসহায়ক গোটে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। জিলাখনৰ শাস্ত্ৰী নগৰ ভোগালী বিহু উদযাপন সমিতিয়ে এইবাৰ ৪৫ ফুট উচ্চতাৰ মেজি সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন থলুৱা খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে। গাঁওখনৰ যুৱকসকলে একত্ৰিত হৈ জাতীয় সাজপাৰ পিন্ধি একোখনকৈ খৰিৰ ভাৰ নৈৰ পাৰৰ পৰা মুকলি পথাৰলৈ আনি ভেলাঘৰ আৰু ভোজভাত খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এইবাৰো সকলোৱে আনন্দ-উল্লাসেৰে এই পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।