ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2025 8:17 PM | PM modi Assam Visit

printer

ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছেদৰ হ’বলৈ আৰু স্বদেশী উৎপাদনৰ ওপৰত গৌৰৱবোধ কৰিবলৈ সকলোকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮৫৩০ কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাথনি আৰু উদ্যোগিক বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দৰং জিলাৰ মঙলদৈত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্রুতভাৱে বিকশিত এখন দেশ আৰু অসম দেশৰ ভিতৰতে দ্রুত গতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কয় যে দেশে বিকশিত ভাৰত নিৰ্মাণৰ বাবে একত্ৰিত হৈ আগবাঢ়িছে আৰু এই সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ভূমিকা আছে। তেওঁ কয় যে একবিংশ শতিকাৰ ২৫ বছৰ পাৰ গৈ গল আৰু পৰৱৰ্তী ২৫ বছৰ গোলকীয় বিশ্ব আৰু উত্তৰ পূৱৰ অন্তৰ্গত। প্রধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উত্তৰ পূৱৰ সংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে যিহেতু কোনো অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে দ্রুত সংযোগ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। শ্রীমোদীয়ে ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছেদৰ হবলৈ আৰু স্বদেশী উৎপাদনৰ ওপৰত গৌৰৱবোধ কৰিবলৈ সকলোকে আহ্বান জনায়। প্রধানমন্ত্রীয়ে দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব আৰু অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ’ব বুলি কয়। অনুপ্ৰৱেশকাৰীৰ পৃষ্ঠপোষকসকলক সকিয়াই দি প্রধানমন্ত্রীয়ে কয়, যে অনুপ্ৰৱেশকাৰীক ৰক্ষনাবেক্ষন দিয়া শক্তিয়ে যিমানেই চেষ্টা নকৰক কিয়, প্ৰাণ দি হলেও তেওঁলোকক প্রতিহত কৰা হ’ব। শ্রীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা প্ৰায় ১ লাখ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে ৰাজ্যৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰক প্ৰশংসা কৰে।
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে সুধাকণ্ঠক ভাৰতৰত্ন দিয়াত কংগ্ৰেছে ঘোৰ বিৰোধিতা কৰিছিল। তেওঁ অসমৰ সাংস্কৃতিক বৈচিত্ৰৰ সন্মান আৰু সংৰক্ষণৰ লগতে ৰাজ্যখনৰ দ্ৰুত বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰে। স্বাধীনতাৰ পিছত চীনৰ আক্ৰমনৰ সময়ত তদানিন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্তব্যই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক আঘাত দিছিল বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে অসমৰ পূৰ্বপুৰুষৰ সপোন এতিয়া বিজেপিয়ে পূৰণ কৰিছে।

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দৰঙত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। প্রধানমন্ত্রীয়ে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি. এন. এম. স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ভার্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেঙ্গী- কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।