ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 9, 2025 11:28 AM | Piyush Goyal

printer

ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ’বলৈ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ আহ্বান

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ’বলৈ আহ্বান জনাইছে। কালি মুম্বাইত অনুষ্ঠিত ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থাৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি শ্ৰী গোৱেলে কয়, যে দেশৰ ভেষজ উদ্যোগে উন্নতি লাভ কৰিছে যদিও এই ক্ষেত্ৰত আৰু আগুৱাই যোৱাৰ থল আছে। এই খণ্ডটোত কাম কৰি থকা সকলো বৃহৎ আৰু ক্ষুদ্র উদ্যোগে দেশক গৌৰৱান্বিত কৰাৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰে ৷ সহযোগিতাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, যে এই উদ্যোগৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত চৰকাৰী, ব্যক্তিগত আৰু শৈক্ষিক অংশীদাৰিত্বৰ প্ৰয়োজন আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।