আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাডুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ব কৰাৰ পাছত দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোই কয় যে ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে। শ্ৰী মচাডোই সামাজিক মাধ্যমৰ যোগে কয় যে নিক’লাছ মাডুৰোই ভেনিজুৱেলাৰ জনসাধাৰণ আৰু অন্য দেশৰ নাগৰিকৰ বিৰুদ্ধে কৰা জঘন্য অপৰাধৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ সন্মুখীন হ’ব লাগিব। তেওঁ কয় যে মাডুৰোই আলোচনাৰ মাধ্যমেৰে সমাধানৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আইন বলৱৎ কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছে। শ্রীমচাডোই কয় যে দেশখনত জনসাধাৰণৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ শাসন স্থাপন কৰাৰ সময় আহি পৰিছে। বিৰোধী পক্ষৰ নেত্ৰী গৰাকীয়ে কয় যে তেওঁলোকে দেশখনলৈ আইন শৃংখলা ঘুৰাই আনিব, ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিব আৰু শিশুসকলক ঘৰলৈ ঘূৰাই আনিব। ভেনিজুৱেলাত গণতন্ত্ৰৰ বাবে বছৰ বছৰ ধৰি চলি থকা সংগ্রামে গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হোৱা বুলি তেওঁ মন্তব্য কৰে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ তেল কোম্পানীসমূহে ভেনিজুৱেলাৰ ক্ষতিগ্ৰস্ত তেল আন্তগাঁথনিসমূহৰ মেৰামতিৰ বাবে কোটি কোটি টকা ব্যয় কৰিব। শ্ৰীট্টাম্পে ফ্লৰিডাত এখন সংবাদ মেলত কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ তেল বিক্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত আৰু দেশখনে অন্য আগ্ৰহী ৰাষ্ট্ৰসমূহক তেল যোগান ধৰিব। তেওঁ কয় যে ভেনিজুৱেলাৰ পুতৌজনক আন্তঃগাঁথনিয়ে তেলৰ উৎপাদন সীমিত কৰিছে। তেওঁ লগতে কয় যে শান্তি, ন্যায় আৰু ক্ষমতাৰ নিৰাপদ হস্তান্তৰ সুনিশ্চিত কৰাৰ বাবে আমেৰিকাই অস্থায়ীভাৱে ভেনিজুৱেলাৰ শাসনব্যৱস্থা পৰিচালনা কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক কৰায়ত্ব কাৰ্যৰ প্ৰতি বিশ্বৰ বিভিন্ন পক্ষৰ নেতাই মিশ্রিত প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে। চীন, ৰাছিয়া, ইৰান, ব্রাজিল আৰু কিউবাকে ধৰি কেইবাখনো দেশে আমেৰিকাৰ সামৰিক ব্যৱস্থাক গৰিহণা দিছে আৰু ইয়াক ভেনিজুৱেলাৰ সাৰ্বভৌমত্ব তথা ভৌগোলিক অখণ্ডতাৰ উলংঘন বুলি অভিহিত কৰিছে। ইউৰোপীয় দেশৰ নেতাসমূহে সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।
Site Admin | January 4, 2026 7:58 AM | María Corina Machado | Venezuela
ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে বুলি দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোৰ মন্তব্য