লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভূৱনেশ্বৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্রদর্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্রন্থও উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে- অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ, উন্নয়ন আৰু সৱলীকৰণত সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ ভূমিকা। সন্মিলনত ১২০ গৰাকীতকৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব। সন্মিলনত অনুসূচীত জাতি-জনজাতিৰ লোকসকলৰ সাংবিধানিক সুৰক্ষা শক্তিশালী কৰা, তেওঁলোকৰ আৰ্থঃসামাজিক উন্নয়ন আৰু সৱলীকৰণৰ বাবে শ্রেষ্ঠ পদ্ধতিসমূহৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব। সন্মিলনত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ সুৰমা পাধিয়েও অংশ লোৱাৰ কথা আছে।
Site Admin | August 27, 2025 11:48 AM | Om Birla
ভূৱনেশ্বৰত পৰহিলৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন
