ভূৱনেশ্বৰত আয়ুৰ্বেদৰ জৰিয়তে যকৃত, অগ্ন্যাশয়, পিত্তাশয়জনিত আদি ৰোগ সন্দৰ্ভত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ভূৱনেশ্বৰত আয়ুৰ্বেদৰ জৰিয়তে যকৃত, অগ্ন্যাশয়, পিত্তাশয়জনিত আদি ৰোগ সন্দৰ্ভত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। আয়ুৰ্বেদত বৈজ্ঞানিক প্রণালী আৰু অধিক সমৃদ্ধ কৰাই হৈছে এই সন্মিলনৰ মুখ্য উদ্দেশ্য। এই দুদিনীয়া সন্মিলনে যকৃৎ আৰু পিত্তনলীজনিত স্বাস্থ্যৰ লগতে আন পাঁচটা মূল গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব।