December 28, 2025 10:31 AM | assam cabinet

printer

ভূমিৰ অধিকাৰ সুদৃঢ় কৰা আৰু প্ৰশাসনীয় সংস্কাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যত ভূমিৰ অধিকাৰ সুদৃঢ় কৰা, প্ৰশাসনীয় সংস্কাৰৰ প্ৰক্ৰিয়া আগুৱাই নিয়া আৰু আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্রীসভাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে মন্ত্রীসভাই মুম্বাইৰ অসম ভৱনত কৰ্মৰত ৮ জন কৰ্মচাৰীক নিৰ্দিষ্ট দৰমহাৰ ঠিকাভিত্তিক কৰ্মচাৰী ৰূপে নিযুক্তি দিয়াৰ প্ৰস্তাৱতো অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমৰ পৰা কৰ্কটকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা লোকসকলক বিভিন্ন ধৰণে সহায় কৰা আৰু মুম্বাইৰ অসম ভৱনৰ কাম-কাজ পৰিচালনা কৰাত এইসকল লোকে সহায় কৰি আহিছিল যদিও এওঁলোক কৰ্মচাৰী নাছিল। সেয়েহে মন্ত্রীসভাই নির্দিষ্ট দৰমহাৰ ঠিকাভিত্তিক কৰ্মচাৰী ৰূপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। একেদৰে সোণাপুৰৰ আমেৰিগোগত তিৰুপতি তিৰুমালা দেৱস্থান নিৰ্মাণৰ বাবে কালি মন্ত্রীসভাই ১৩০ বিঘা একঠা দুলেচা মাটিৰ আৱণ্টনত অনুমোদন দিছে। তেওঁ লগতে কয়, যে ডিব্ৰুগড়ৰ দিনজানত ২৯২ কোটি টকা ব্যয় সাপেক্ষে বণ্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান নির্মাণৰো সিদ্ধান্ত কালিৰ মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আধুনিক প্ৰতিষ্ঠান বন্যপ্ৰাণী ৰোগ নিৰীক্ষণ, গৱেষণা, প্ৰশিক্ষণ আৰু সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ পৰিৱেশগত সুৰক্ষা অধিক শক্তিশালী হৈ উঠিব।