September 28, 2025 11:51 AM | Mann Ki Baat

printer

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে৷ এই কাম অতি প্রশংসনীয় প্রচেষ্টা কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।  কেইদিনমান পূর্বে, অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ এই অনুষ্ঠানটো সঁচাকৈয়ে অতি স্মৰণীয় কাৰ্য্যসূচী আছিল বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।