ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুৰ প্রধানমন্ত্ৰীক সাক্ষাৎ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুক আজি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মোদীয়ে ভূটানৰ বিকাশ আৰু আঞ্চলিক উন্নয়নৰ বাবে জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ দৃষ্টিভংগীক প্ৰশংসা কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ভূটানৰ মাজত থকা অনন্য আৰু চিৰস্থায়ী অংশীদাৰিত্ব আগবঢ়াই নিবৰ বাবে দুয়োখন দেশেই প্রতিশ্রুতিবদ্ধ। উল্লেখযোগ্য যে, আজি পুৱা ভূটানৰ ৰজা আৰু ৰাণী দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। বিদেশমন্ত্রী ড° এছ জয়শংকৰে তেওঁলোকক বিমান বন্দৰত আদৰণি জনায়। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্ক আছে আৰু পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস এই সম্পৰ্কৰ মূল বৈশিষ্ট।