ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক  বিদেশ সচিব বিক্রম মিস্রিৰ সাক্ষাৎ

বিদেশ সচিব বিক্রম মিস্রিয়ে কালি থিফুত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক সাক্ষাৎ কৰে। তেওঁ ভূটানৰ সৈতে ভাৰতৰ ঘনিষ্ঠ মৈত্রীপূৰ্ণ সম্পৰ্ক আৰু ভূটান চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। শ্রীমিস্রিয়ে লগতে ভূটানৰ বিদেশ মন্ত্রী ডি এন ধূনগয়েলকো সাক্ষাৎ কৰে। তেওঁলোকে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয় আৰু সকলো ক্ষেত্ৰত নিদর্শনমূলক দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। বিদেশ সচিব মিলি দুদিনীয়া ভূটান ভ্রমণসূচীৰে কালি থিস্ফুত উপস্থিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।