ভূঁইকপ বিধ্বস্ত ম্যানমাৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি

ভূঁইকপ বিধ্বস্ত ম্যানমাৰৰ কিছু অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত সাহায্য অভিযানত জটিলতা অহাৰ লগতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পাইছে। যোৱা ২৮ মাৰ্চত ৰিখটাৰ স্কেলত ৭.৭ প্ৰাৱল্যত হোৱা ভূমিকম্পত দেশখনত এতিয়ালৈকে ৩,৪৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪,৬০০ গৰাকী লোক আঘাতপ্রাপ্ত হৈছে আৰু ২১৪ গৰাকী বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ সমীপৰ মান্দালয়ত হোৱা বৰষুণ আৰু প্ৰচণ্ড ধুমুহাই আশ্রয় শিৱিৰসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছে। ইয়াৰ ফলত কলেৰা আৰু অন্যান্য ৰোগসমূহ বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে, ভাৰত আৰু অন্য দেশৰ উদ্ধাৰকাৰী দলে সাহায্য অভিযানত সক্রীয়ভাৱে সহযোগিতা আগবঢ়াই আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত শনিবাৰে ম্যানমাৰলৈ অতিৰিক্ত ৪৪২ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। সামগ্ৰীখিনি কঢ়িয়াই অনা ভাৰতীয় নৌ সেনাৰ ঘঁৰিয়াল নামৰ জাহাজখন থিলাৱা বন্দৰত উপস্থিত হৈছে আৰু ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্রদূত অভয় ঠাকুৰে য়াংগুনৰ মুখ্যমন্ত্ৰী য়ু ছোই থিনক সামগ্ৰীখিনি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।