কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চাইবাৰ সমন্বয়ৰক্ষী কেন্দ্ৰৰ বিষয়া হিচাপে চিনাকি দি বর্তমান নতুনকৈ চলি থকা এটা ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ দেশৰ জনসাধাৰণলৈ আহ্বান জনাইছে। এই ভুবা গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া অংশ হিচাপে এখন ভুৱা অভিযোগপূর্ণ পত্ৰ প্ৰেৰণেৰে ভীতি প্ৰদৰ্শন কৰি অভিযোগসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে উত্তৰ দিবলৈ বিশেষ ব্যক্তিজনক বাধ্য কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। প্ৰেছ ইনফৰমেছন ব্যুৰাৰ সত্যতা নিৰুপণ শাখাই এই পত্রখন ভুৱা বুলি প্ৰমাণ কৰি জানিবলৈ দিয়ে যে, কোনো চৰকাৰী সংস্থাই ই-মেইল অথবা সামাজিক মাধ্যমৰ জৰিয়তে কোনো ব্যক্তিলৈ গ্ৰেপ্তাৰৰ ভীতি প্ৰদৰ্শন নকৰে। সংস্থাটোৱে লগতে এই বুলিও জানিবলৈ দিয়ে, যে এনে ভুৱা সেৱাৰ জৰিয়তে কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য অথবা টকা-পইচা সৰকাবলৈ চেষ্টা চলোৱা হয়। লগতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক এনে ধৰণৰ ভুৱা বাৰ্তা গুৰুত্বসহকাৰে নলৈ সতর্ক হৈ থাকিবলৈও আহ্বান জনায়।
Site Admin | December 11, 2025 8:13 PM | Cyber Security
ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ জনসাধাৰণলৈ কেন্দ্ৰৰ আহ্বান