ভুক্তভোগীয়ে এতিয়াৰে ৰাজ্যৰ যিকোনো থানাত অভিযোগ দিব পাৰিব। ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি এখন সংবাদমেলত এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাজ্যত ২০২৫ বৰ্ষত মুঠ ৭০ হাজাৰ এজাহাৰ দাখিৰ কৰা হৈছে আৰু ইয়াৰে প্ৰায় ৯৫ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে। নিয়াৰিকৈ অভিযোগনামা দাখিল কৰা বিষয়া আৰু তদন্তকাৰী বিষয়াক পুৰষ্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত দাখিল কৰা অভিযোগনামা সম্পর্কে মন্তব্য কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ন্যায়ালয়ে গোচৰটোৰ সঠিক বিচাৰ কৰিব ।
Site Admin | December 31, 2025 8:13 PM | Munna Prasad Gupta | SDPG
ভুক্তভোগীয়ে এতিয়াৰে ৰাজ্যৰ যিকোনো থানাত অভিযোগ দিব পাৰিব : মুন্না প্রসাদ গুপ্তা