উৎসৱৰ সময়ত যাত্ৰীৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৭৩টা বৃহৎ ৰে’ল ষ্টেচনৰ, ষ্টেচন সঞ্চালকসকলক ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল’ব পৰাকৈ ক্ষমতা প্ৰদান কৰা হ’ব। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ৰাজ্যসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে জনায়। শ্রীবৈষ্ণৱে কয়, যে ৰে’লৱেই ষ্টেচনসমূহত যাত্ৰীৰ অধিক ভিৰ নিয়ন্ত্ৰণৰ বাবে বহল পদ উৰণ সেতুৰ লগতে ষ্টেচনৰ বাহিৰত যাত্ৰীৰ স্থায়ী অপেক্ষাকৃত স্থান প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৫টা ষ্টেচনত এনে প্ৰকল্পৰ কামে অগ্রগতি লাভ কৰিছে। অধিক ভিৰ-ভাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও ষ্টেচনত চিচিটিভৰ নিৰীক্ষণ, ৱাকিটকি আৰু ঘোষণা ব্যৱস্থাৰ লগতে ৱাৰ ৰুম স্থাপন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ বাবে নিশ্চিত টিকট থকা যাত্ৰীসকলেহে প্লেটফৰ্মত প্ৰৱেশ কৰিব পাৰিব। টিকটবিহীন আৰু অপেক্ষাৰ তালিকাত থকা যাত্ৰীসকলে ৰে’ল এৰাৰ সময়লৈ বাহিৰৰ অপেক্ষাকৃত স্থানত ৰ’ব পাৰিব।
Site Admin | August 2, 2025 12:26 PM | Ashwini Vaishnav
ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল’ব পৰাকৈ ষ্টেচন সঞ্চালকক কেন্দ্ৰৰ ক্ষমতা প্ৰদান
