ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা ১৫০ ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গাঁও-নগৰসমূহ বানত বুৰ গৈছে। ভিয়েটনামত পৰিৱেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে দেশখনৰ ৬টা প্ৰান্তত কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু ৯ জন লোক সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে ৫২ হাজাৰৰো অধিক বাসগৃহ বুৰাই পেলাইছে আৰু প্ৰায় ৬২ হাজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হৈছে। ভূমিস্কলনৰ বাবে কেইবাটাও বাটপথ যাতায়তৰ বাবে বন্ধ হৈ পৰিছে আৰু প্ৰায় ১০ লাখ বাসগৃহত বিজুলী যোগান ব্যাহত হৈছে। ভিয়েটনামৰ বতৰ বিজ্ঞান বিভাগে দেশখনৰ মধ্যভাগৰ উপকূলীয় এলেকা আৰু দক্ষিণ প্ৰান্তৰ এলেকাসমূহত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। ইয়াৰ ফলত দেশখনৰ নগৰ, ঔদ্যোগিক আৰু দ এলেকাসমূহত আকস্মিক বান আৰু ভূমিস্কলনৰ আশংকা বৃদ্ধি পাইছে।
Site Admin | November 21, 2025 11:06 AM | Vietnam Flood
ভিয়েটনামত বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি