ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগেৰক’ইল পথেৰে চলাচল কৰিব। ৰে’ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান দেশৰ বিকাশৰ যাত্ৰাক ত্বৰান্বিত কৰি উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে’লগাড়ীৰ সম্প্ৰসাৰণ জৰিয়তে দেশ ধীৰে ধীৰে বিকশিত ভাৰতৰ লক্ষ্য লৈ ধাৱমান হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে, আজি মুকলি কৰা তিনিখন বন্দে ভাৰত ৰে’লগাড়ীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক মহানগৰক সংযোগ কৰিব। এই ৰে’লগাড়ীয়ে মন্দিৰ মহানগৰ মাডুৰাইক তথ্য প্রযুক্তি মহানগৰ বেংগালুৰুৰ সৈতে সংযোগ কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, বন্দে ভাৰত আধুনিক ভাৰতীয় ৰে’লৱেৰ নতুন মুখত পৰিণত হৈছে। তেওঁ কয় যে বৰ্তমান বন্দে ভাৰত দেশৰ সকলো মহানগৰ আৰু ৰে’লপথত প্ৰয়োজনীয় হৈ পৰিছে। এই দ্ৰুতবেগী ৰে’লগাড়ীয়ে মানুহক ব্যৱসায় সম্প্ৰসাৰণৰ লগতে নিয়োগ সৃষ্টি আৰু সপোন পূৰণত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, দেশত সম্প্ৰতি ৰে’ল ষ্টেচনসমূহক বিকশিত কৰি তোলাৰ লগতে একোটা বিমান বন্দৰৰ দৰে সৰু সৰু ষ্টেচনসমূহকো আধুনিক কৰি গঢ়ি তোলা হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে মিৰাট আৰু লক্ষ্ণৌ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ ৮টা ডবা থাকিব আৰু ৰে’লগাড়ীখনে প্রায় ৭ ঘণ্টা ১৫ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। চেন্নাই এগ্‌মোৰৰ পৰা নাগেৰকইলৰ মাজত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনে ত্ৰিচী, মডুৰাই, দিন্দিগুল আৰু তিৰুনেল ভেলীসহ গুৰুত্বপূৰ্ণ ঔদ্যোগিকথলী, ব্যৱসায় আৰু পৰ্যটনথলীসমূহৰ মাজত যোগাযোগ সুদৃঢ় কৰি তুলিব।