ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। তেওঁ কয়, যে বিগত ১১ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক আৰু দুর্নীতিমুক্ত শাসনৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। এন ডি এ চৰকাৰৰ একাদশ বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি ডিব্ৰুগড়ত এখন সংবাদমেলত শ্ৰী সোণোৱালে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত নীতি স্থবিৰতাৰ আৰু বংশবাদী কুশাসনৰ যুগৰ পৰা ওলাই আহিছে আৰু সম্প্রতি কল্যাণমুখী উন্নয়ন, যুৱ প্ৰজন্মৰ দ্বাৰা উদ্ভাৱন আৰু অভূতপূর্ব আন্তঃগাঁথনি সম্প্রসাৰণেৰে আগ বাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১০ বছৰত দেশৰ ২৫ কোটিৰো অধিক লোক দৰিদ্রতাৰ পৰা মুক্ত হৈছে আৰু এই সংখ্যা ইউৰোপৰ ভালেসংখ্যক দেশৰ মুঠ জনসংখ্যাতকৈও অধিক। দেশৰ বৰ্ধিত ষ্টার্টআপ অনুকূল তন্ত্রৰ বিষয়ে উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে দেশত ২০১৪ চনত ৩০ হাজাৰ ষ্টার্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্রতি এনে প্ৰতিষ্ঠানৰ সংখ্যাই এক লাখ অতিক্ৰম কৰিছে। তেওঁ কয়, যে পথ, ৰে’ল আৰু ইণ্টাৰনেট যোগাযোগকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ কাম চলি আছে। তেওঁ লগতে কয়, যে অসমৰ যোগীঘোপা, ধুবুৰী, পাণ্ডু আৰু ডিব্ৰুগড়ত আধুনিক নৈ বন্দৰৰ কাম অব্যাহত আছে আৰু এই প্রকল্পসমূহে অসমত গোলকীয় বাণিজ্য পথেৰে সংযুক্ত কৰিব।

অধিক পঢ়ক

সকলো চাওক