ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়ো পক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ গতি-বিধি পর্যালোচনা কৰাৰ উপৰি সামুদ্রিক ক্ষেত্ৰকে ধৰি বিভিন্ন যৌথ কাৰ্যসূচীক লৈ আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, দুয়োখন ৰাষ্ট্ৰই বিশেষকৈ অস্ত্র-শস্ত্র নির্মাণ তথা প্রযুক্তিগত দিশত ঘনিষ্ঠ সহযোগিতাৰে গুৰুত্ব প্ৰদানৰ বাবে সন্মত হৈছে।
Site Admin | February 7, 2025 10:31 AM | India-Spain Meet
ভাৰত-স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক সমাপ্ত