ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয়, যে ভাৰতৰ সামুদ্রিক দৃষ্টিভংগী, নিৰাপত্তা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্রতিষ্ঠিত শেহতীয়া কেইটামান বছৰত গ্ৰহণ কৰা ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰত সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ সামুদ্রিক শক্তিৰূপে উদ্ভাসিত হৈ উঠিছে। বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ সামুদ্রিক সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল ১৩ খন উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল তথা ২৩ লাখ ৭০ হাজাৰ বৰ্গ কিলোমিটাৰৰ এক বিশেষ অর্থনৈতিক ক্ষেত্র আছে। তেওঁ কয়, যে ভাৰতে নিজৰ কৌশলগত সামুদ্রিক স্থিতি, গণতান্ত্ৰিক স্থিৰতা আৰু শক্তিশালী নৌসেনাৰ সামৰ্থ্যৰ জৰিয়তে ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকা তথা গ্ল’বেল ছাউথৰ মাজত এখন গুৰুত্বপূৰ্ণ সেতু হিচাপে পৰিগণিত হৈছে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে ভাৰত সামুদ্রিক সপ্তাহ পৃথিৱীৰ মুখ্য সামুদ্রিক সমাৰোহসমূহৰ এক অন্যতম সমাৰোহত পৰিণত হৈছে। এই সমাৰোহত ৮৫ খন দেশৰ ৫০০তকৈয়ো অধিক প্ৰদৰ্শনকাৰী আৰু ৪০ খন মঞ্চই অংশগ্ৰহণ কৰিছে। তেওঁ কয়, যে এই সমাৰোহৰ বিষয়বস্তু ‘মহাসাগৰসমূহৰ একত্ৰিকৰণ এক সামুদ্রিক দৃষ্টিকোণ’-এ বসুধৈৱ কুটুম্বকম ভাৱনাকে প্ৰতিফলিত কৰে। সামুদ্রিক খণ্ড বিকশিত ভাৰতৰ এটা শক্তিশালী স্তম্ভ ৰূপে পৰিগণিত হৈছে বুলিও শ্রী সোণোৱালে সজোৰে মত প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্রমোদ সাৱন্ত, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতীয় বন্দৰ প্ৰাধিকৰণৰ সহযোগত পাঁচদিনীয়াকৈ আয়োজন কৰা এই সামুদ্রিক সপ্তাহত বহনক্ষম সামুদ্রিক বিকাশৰ বাবে ভাৰতৰ দৃষ্টিভংগী, বাণিজ্য সম্প্ৰসাৰণ আৰু নীলা অৰ্থনীতিৰ বিকাশৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হ’ব। এই ভাৰত সামুদ্রিক সপ্তাহত প্ৰদৰ্শনী, আলোচনা, বন্দৰ, জাহাজ পৰিবহণ আৰু সমুদ্ৰ পথেৰে সামগ্ৰীৰ পৰিবহণ বিষয়ত আলোকপাত কৰি মত-বিনিময় অনুষ্ঠান আৰু সামুদ্ৰিক প্ৰযুক্তি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। গোলকীয় সামুদ্রিক কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা আৰু এই খণ্ডত সহযোগিতা, উদ্ভাৱন আৰু নীতি সম্পৰ্কীয় আলোচনাৰ প্ৰসাৰৰ লক্ষ্যৰে এই সামুদ্রিক সপ্তাহৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।