ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয়, যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ভূমাষিক সময়ছোৱাত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ ৮ শতাংশৰ বিকাশ হাৰে দেশৰ বৰ্ধিত প্ৰগতিৰ কথাকে সূচায়। তেওঁ কয়, যে এয়া অকল পৰিসংখ্যাই নহয় বৰং শক্তিশালী স্থূল অর্থনীতিৰ প্ৰতীক আৰু ই গোলকীয় অর্থ ব্যৱস্থাৰ চালিকা শক্তি হিচাপে ভাৰতৰ স্থিতিকে প্ৰতিফলিত কৰে। গোলকীয় পৰ্যায়ত ভাৰতৰ স্থিতি সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে প্ৰত্যাহ্বান আৰু অনিশ্ছিয়তাৰে ভৰা বিশ্বত ভাৰতৰ সুকীয়া পৰিচয় আছে। তেওঁ কয়, যে জনসাধাৰণে আৰ্থিক মন্দাৱস্থাৰ বিষয়ে ক’বলৈ লোৱাৰ সময়ত ভাৰত নিজৰ বিকাশ গাঁথাৰ ৰচনা কৰিবলৈ সমৰ্থ হৈছে। আস্থাৰ সংকটেৰে ভৰা বিশ্বত ভাৰতে বিশ্বাস স্তম্ভ আৰু সেঁতু নির্মাতা হিচাপে থিয় দিছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। শ্রীমোদীয়ে কয়, যে বর্তমানৰ শক্তিশালী ভেঁটিত ভৱিষ্যতৰ পৰিৱৰ্তন নিহিত হৈ আছে। তেওঁ কয়, যে দেশৰ উত্তৰ-পূৰ্বাঞ্চল, গাঁও, ক্ষুদ্র চহৰ, মহিলা, যুৱক-যুৱতী, সামুদ্রিক অর্থ ব্যৱস্থা আৰু মহাকাশখণ্ডৰ দৰে পৰম্পৰাগতভাৱে কম বিকশিত ক্ষেত্রসমূহে সম্প্রতি পূর্ণ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে ২০২৫ বৰ্ষত প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ পৰা জি এছ টি লৈ সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰে। মানসিক দাসত্ব আৰু ঔপনিৱেশিক মানসিকতাক বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ দিশৰ পৰা গুৰুত্বৰ বাধা বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে কোনো ৰাষ্ট্ৰই আত্মবিশ্বাস অবিহনে আগবাঢ়ি যাব নোৱাৰে। তেওঁ কয়, যে জাহাজ নির্মাণে হওক বা প্ৰতিৰক্ষা আহিলা নিৰ্মাণৰ ক্ষেত্ৰতে হওক সকলোতে দাসত্ব মনোভাৱ আৰু হিনমান্যতাৰ ভাৱ এৰাই চলি গর্ববোধৰ নতুন ভাৱনাৰে অগ্ৰসৰ হোৱাৰ প্ৰয়াস চলোৱা হৈছে। দেশৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত আস্থা বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়েও উল্লেখ কৰে। তেওঁ কয়, যে নাগৰিক কেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে শাসন ব্যৱস্থা সু ব্যৱস্থিত হৈছে। তেওঁ লগতে দেশক ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰাৰ বাবে পৰৱৰ্তী ১০ বছৰত স্পষ্ট সময়সীমা ৰূপে গণ্য কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়।
Site Admin | December 7, 2025 11:12 AM | PM Modi speak on Leadership summit
ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ